Skip to content

ঈশ্বৰ এক নিৰাকাৰ শক্তি নেকি?

ঈশ্বৰ এক নিৰাকাৰ শক্তি নেকি?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 গোটেই সৌৰজগতৰ ওপৰত ঈশ্বৰে নিজৰ শক্তি প্ৰদৰ্শন কৰে। কোটি কোটি তৰাক তেওঁ যিদৰে সৃষ্টি কৰে, তাৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “তোমাৰ চকু ওপৰলৈ তুলি দৃষ্টি কৰা, কোনে সৌবোৰ সৃষ্টি কৰিলে? যি জনাই সংখ্যা অনুসাৰে সেইবোৰৰ বাহিনীবিলাকক উলিয়াই আনে, যি জনাই সেইবোৰক নাম ধৰি ধৰি মাতে, সেই জনাৰ অধিক সমৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ এটিও অনুপস্থিত নাথাকে।”—যিচয়া ৪০:২৫, ২৬.

 কিন্তু ঈশ্বৰ কোনো নিৰাকাৰ শক্তিতকৈ বহু গুণে শক্তিশালী। বাইবেলে বৰ্ণনা কৰে যে ঈশ্বৰৰ অনুভূতি আছে আৰু তেওঁৰ মাজত প্ৰেম, ঘৃণা আদি গুণবোৰ দেখিবলৈ পোৱা যায়। (গীতমালা ১১:৫; যোহন ৩:১৬) ইয়াৰ লগতে লোকসকলৰ কাৰ্য্যই যিহোৱা ঈশ্বৰক প্ৰভাৱিত কৰে বুলি পবিত্ৰ শাস্ত্ৰই বৰ্ণনা কৰে।—গীতমালা ৭৮:৪০, ৪১.