Skip to content

বাইবেলৰ আধাৰত ভিডিঅ’—শিক্ষাৰ এক ভাগ

এই চুটি ভিডিঅʼবোৰে বাইবেলৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ সহায় কৰে। ঈশ্বৰৰপৰা এটা ভাল খবৰ! নামৰ ব্ৰচাৰখনৰ পাঠবোৰত কিছুমান ভিডিঅ’ জড়িত আছে।

ঈশ্বৰৰ এটা নাম আছে নেকি?

ঈশ্বৰৰ বহুতো উপাধি আছে। যেনে, সৰ্ব্বশক্তিমান, সৃষ্টিকৰ্ত্তা, আৰু প্ৰভু। ঈশ্বৰৰ ব্যক্তিগত নাম প্ৰায় ৭,০০০-তকৈ বেছি বাৰ বাইবেলত উল্লেখ আছে।

প্ৰকৃততে বাইবেলৰ লেখক কোন হয়?

যদি বাইবেলখন মানুহে লিখিছে, তেনেহ’লে ইয়াক ঈশ্বৰৰ বাক্য বুলি কোৱাটো সঠিক হ’বনে? বাইবেলত কাৰ চিন্তাধাৰা লিপিবদ্ধ আছে?

বাইবেলখন ঈশ্বৰৰপৰা হয় বুলি আমি কেনেকৈ নিশ্চিত হ’ব পাৰোঁ?

যদি বাইবেলখন ঈশ্বৰৰপৰা হয়, তেনেহ’লে এইখন আন কিতাপবোৰতৈ বেলেগ হোৱা উচিত।

ঈশ্বৰে এই পৃথিৱীখনক সৃষ্টি কৰাৰ উদ্দেশ্য কি?

আমাৰ পৃথিৱীখন ধুনীয়া। ই সূৰ্য্যৰপৰা সঠিক দূৰত্বত আছে, সঠিক ডিগ্ৰীত অৱস্থিত আৰু এক নিৰ্দিষ্ট গতিত ঘূৰি থাকে। ঈশ্বৰে পৃথিৱীখন সৃষ্টি কৰোঁতে কিয় ইমান পৰিশ্ৰম কৰিছিল?

মৃত্যু হ’লে আমাৰ কি হয়?

বাইবেলে এনে এক সময়ৰ বিষয়ে প্ৰতিজ্ঞা কৰিছে, যেতিয়া বহুতোলোকক পুনৰুত্থান কৰা হ’ব বা লাজাৰৰ দৰে পুনৰ জীৱিত কৰা হ’ব।

যীচু খ্ৰীষ্ট ঈশ্বৰ নে?

যীচু সৰ্বশক্তিমান ঈশ্বৰ নেকি? যীচু আৰু সৰ্বশক্তিমান ঈশ্বৰ বেলেগ বেলেগ হয়নে?

যীচুৰ কিয় মৃত্যু হৈছিল?

যীচুৰ মৃত্যুৰ দিনটো পবিত্ৰ শাস্ত্ৰ বাইবেলে এক বিশেষ দিন হিচাপে বৰ্ণনা কৰিছে। তেওঁৰ মৃত্যুৰ কিবা উদ্দেশ্য আছিল নেকি?

ঈশ্বৰৰ ৰাজ্য কি হয়?

যীচুৱে নিজৰ সেৱা কাৰ্য্যৰ সময়ছোৱাত আন বিষয়বোৰতকৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বেছিকৈ শিক্ষা দিছিল। প্ৰথম শতিকাৰেপৰা তেওঁৰ শিষ্যসকলে ঈশ্বৰৰ ৰাজ্য অহাৰ বিষয়ে প্ৰাৰ্থনা কৰিছিল।

১৯১৪ চনৰপৰা ঈশ্বৰৰ ৰাজ্যৰ শাসন আৰম্ভ হʼল

২,৬০০ বছৰৰ আগতে ঈশ্বৰে এজন শক্তিশালী ৰজাক ভৱিষ্যতবাণীৰ বিষয়ে সপোন দেখুৱাইছিল আৰু সেই ভৱিষ্যতবাণীটো এতিয়া পূৰ হৈছে।

১৯১৪ চনৰপৰা পৃথিৱীৰ পৰিস্থিতি সলনি হʼল

১৯১৪ চনৰপৰা সলনি হোৱা পৃথিৱীৰ পৰিস্থিতি আৰু মানুহৰ মনোবৃত্তিয়ে প্ৰমাণ কৰে যে ‘শেষ-কালৰ’ বিষয়ে কৰা বাইবেলৰ ভৱিষ্যতবাণী আজি পূৰ হৈ আছে।

ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে?

বহুতোলোকে সোধে যে গোটেই পৃথিৱীত কিয় ঘৃণা আৰু দুখ-কষ্টেৰে ভৰি আছে। ইয়াৰ বিষয়ে বাইবেলে এক সঠিক আৰু যুক্তিসংগত উত্তৰ দিয়ে।

ঈশ্বৰে সকলো ধৰণৰ উপাসনা গ্ৰহণ কৰেনে?

বহুতোলোকে বিশ্বাস কৰে যে আমি যি ধৰ্ম্মই পালন নকৰোঁ কিয়, ই কোনো অৰ্থ নাৰাখে।

ঈশ্বৰে সকলো প্ৰাৰ্থনা শুনেনে??

যদি এজন ব্যক্তিৰ প্ৰাৰ্থনাত স্বাৰ্থ লুকাই থাকে, তেনেহ’লেনো কি? যদি এজন স্বামীয়ে নিজৰ পত্নীক বেয়া ব্যৱহাৰ কৰে আৰু আশীৰ্ব্বাদ বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰে, তেনেহ’লেনো কি?

অশ্লীল ছবি আৰু ভিডিঅʼ চোৱাটো পাপনে?

বাইবেলত “পৰ্ণগ্ৰাফী” শব্দ আছে নে? পৰ্ণগ্ৰাফীৰ বিষয়ে ঈশ্বৰৰ দৃষ্টিভংগী আমি কেনেকৈ জানিব পাৰিম?