Skip to content

আপোনালোকে কিছুমান চিনেমা চাবলৈ, কিতাপ পঢ়িবলৈ অথবা গীত শুনিবলৈ নিষেধ কৰে নেকি?

আপোনালোকে কিছুমান চিনেমা চাবলৈ, কিতাপ পঢ়িবলৈ অথবা গীত শুনিবলৈ নিষেধ কৰে নেকি?

 আমাৰ সংগঠনে এনে কোনো তালিকা প্ৰস্তুত নকৰে, যʼত কিছুমান চিনেমা, কিতাপ অথবা গীতৰ নাম উল্লেখ আছে, যিবোৰ উপভোগ কৰাৰ বাবে নিষেধ কৰা হৈছে। কিয় বাৰু?

  প্ৰতিজনে নিজৰ ‘জ্ঞানেন্দ্ৰিয়বোৰক’ প্ৰক্ষিশন দি ভাল আৰু বেয়াৰ নিৰ্ণয় লʼবলৈ বাইবেলে আমাক উৎসাহিত কৰিছে।​—ইব্ৰী ৫:১৪.

  মনোৰঞ্জন বাছনি কৰাৰ সময়ত এজন খ্ৰীষ্টানে বাইবেলৰ কিছুমান সিদ্ধান্ত ধ্যান দিয়া উচিত। a জীৱনৰ প্ৰতিটো ক্ষেত্ৰত তথা মনোৰঞ্জন বাছনি কৰাৰ বিষয়তো, আমাৰ উদ্দেশ্য হৈছে “প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় কৰি” সেই অনুসৰি কাৰ্য্য কৰা।​—ইফিচীয়া ৫:৯.

  পৰিয়ালৰ সদস্যসকলে কেনেধৰণৰ মনোৰঞ্জন উপভোগ কৰিব, তাৰ নিৰ্ণয় লোৱাৰ কিছু অধিকাৰ বাইবেলে পৰিয়ালৰ মুৰব্বীক দিছে। (১ কৰিন্থীয়া ১১:৩; ইফিচীয়া ৬:​১-৪) পৰিয়ালৰ বাদে, মণ্ডলীৰ সদস্যসকলৰ বাবে কোনো নিৰ্দিষ্ট চিনেমা, শিল্পী অথবা গীত গ্ৰহণযোগ্য হয় নে নহয়, তাৰ নিৰ্ণয় লোৱাৰ অধিকাৰ কোনো ব্যক্তিৰ নাই।​—গালাতীয়া ৬:৫.

a উদাহৰণস্বৰূপে, ভূতবিদ্যা, অনৈতিক যৌন সম্পৰ্ক অথবা হিংসাক উদ্‌গণি দিয়া যিকোনো কাৰ্য্যক বাইবেলে নিন্দা কৰে।​—দ্বিতীয় বিবৰণ ১৮:​১০-১৩; ইফিচীয়া ৫:৩; কলচীয়া ৩:৮.