Skip to content

যিহোৱাৰ সাক্ষীসকলে দশম ভাগ দান কৰে নেকি?

যিহোৱাৰ সাক্ষীসকলে দশম ভাগ দান কৰে নেকি?

 যিহোৱাৰ সাক্ষীসকলে দশম ভাগ দান নকৰে। আমাৰ কাৰ্য্যবোৰ স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা পৰিচালনা কৰা হয়। কিন্তু প্ৰশ্ন হʼব পাৰে যে দশম ভাগ কি হয় আৰু যিহোৱাৰ সাক্ষীসকলে দশম ভাগ কিয় দান নকৰে?

 ঈশ্বৰে প্ৰাচীন ইস্ৰায়েলীসকলক দিয়া নিয়মবোৰৰ ভিতৰত এটা নিয়ম আছিল, নিজৰ সম্পত্তিৰ দশম ভাগ দান কৰা। কিন্তু বাইবেলে স্পষ্টৰূপে বৰ্ণনা কৰিছে যে “দশম ভাগ” দিয়া নিয়মটো সত্য খ্ৰীষ্টানসকলৰ বাবে প্ৰযোজ্য নহয়।​—ইব্ৰী ৭:​৫, ১৮; কলচীয়া ২:​১৩, ১৪.

 নিজৰ সম্পত্তিৰ দশম ভাগ দিয়াৰ পৰিৱৰ্তে যিহোৱাৰ সাক্ষীসকলে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলৰ উদাহৰণ অনুকৰণ কৰি, দুটা উপায়েৰে ঘোষণা কাৰ্য্যক সহায় কৰে। প্ৰথমটো হৈছে তেওঁলোকে ঘোষণা কৰা আৰু শিকোৱাৰ বাবে কোনো মূল্য নলয় আৰু দ্বিতীয়টো হৈছে তেওঁলোকে স্ব-ইচ্ছাৰে দান-বৰঙণি আগবঢ়ায়।

 এইদৰে কৰাৰ যোগেদি আমি বাইবেলে দিয়া এই নিৰ্দেশনাক পালন কৰোঁ: “প্ৰতিজনে মনোদুখ বা আৱশ্যকতাৰে নিদি, নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক; কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।”​—২ কৰিন্থীয়া ৯:৭.