Skip to content

যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ ধৰ্ম্মই কেৱল সত্য ধৰ্ম্ম হয় বুলি ভাৱে নেকি?

যিহোৱাৰ সাক্ষীসকলে তেওঁলোকৰ ধৰ্ম্মই কেৱল সত্য ধৰ্ম্ম হয় বুলি ভাৱে নেকি?

 নিজৰ ধৰ্ম্মক গভীৰভাৱে লোৱা লোকসকলে বিশ্বাস কৰে যে তেওঁলোকৰ ধৰ্ম্মই সত্য ধৰ্ম্ম আৰু ঈশ্বৰে ইয়াক গ্ৰহণ কৰে। অন্যথা তেওঁলোকে এই ধৰ্ম্মৰ লগত কিয় জড়িত হʼলহেঁতেন?

 বহুতোলোকে বিশ্বাস কৰে যে সকলো ধৰ্ম্মই, বিভিন্ন পথেৰে লোকসকলক উদ্ধাৰৰ ফাললৈ লৈ যায়। কিন্তু এই বিষয়ে যীচুৱে কেতিয়াও সন্মত হোৱা নাছিল। ইয়াৰ বিপৰীতে তেওঁ কৈছিল: “যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক, বাটো চেপ, আৰু তাক পোৱা লোকো তাকৰ।” (মথি ৭:১৪) যিহোৱাৰ সাক্ষীসকলে বিশ্বাস কৰে যে তেওঁলোকে সেই বাট বিচাৰি পাইছে। অন্যথা তেওঁলোকে আন এক ধৰ্ম্ম অনুসন্ধান কৰিলেহেঁতেন।