Skip to content

Skip to table of contents

প্ৰহৰীদুৰ্গত অহা আন লেখবোৰ

প্ৰহৰীদুৰ্গত অহা আন লেখবোৰ

বহুতো প্ৰচাৰকে JW লাইব্ৰেৰীত সভাৰ তৈয়াৰী কৰে। তেওঁলোকে ইয়াত প্ৰহৰীদুৰ্গৰ সেই লেখ সহজে খুলিব পাৰে, যি সপ্তাহৰ শেষত আলোচনা কৰা হয়। কিন্তু প্ৰহৰীদুৰ্গৰ অধ্যয়ন সংস্কৰণত এনে লেখবোৰৰ উপৰিও আন লেখবোৰো আহে। এইবোৰতো বাইবেল আধাৰিত ভাল ভাল তথ্য দিয়া থাকে। আপুনি এই লেখবোৰ JW লাইব্ৰেৰীত কেনেকৈ খুলিব আৰু পঢ়িব পাৰে?

  • সভাবোৰ (Meetings) ভাগত প্ৰহৰীদুৰ্গ অধ্যয়নত ক্লিক কৰিলে অধ্যয়ন লেখৰ শীৰ্ষকৰ তলত “অতিৰিক্ত লেখ” নামৰ উপশীৰ্ষক দেখিবলৈ পোৱা যাব। তাৰ তলত দিয়া “এই সংখ্যাৰ আন লেখবোৰ” ভাগৰ লিংকত ক্লিক কৰক। তাৰ পাছত প্ৰহৰীদুৰ্গৰ সূচীপত্ৰ খুলিব, যʼত অধ্যয়ন লেখবোৰৰ নাম আৰু নম্বৰ দিয়া থাকিব। সেইবোৰৰ উপৰিও আন লেখবোৰ পঢ়িবলৈ সেইবোৰৰ শীৰ্ষকত ক্লিক কৰক।

  • JW লাইব্ৰেৰীৰ মুখ্য পৃষ্ঠাত (Home) “নতুন কি আছে” ভাগত যেতিয়া প্ৰহৰীদুৰ্গৰ কিবা নতুন খণ্ড দেখা পালে তাক ডাউনলʼড কৰক। তাৰ পাছত সূচীপত্ৰ খুলি চাওক যে তাত কি কি লেখ আছে, যাতে আপুনি সকলো লেখ পঢ়িব পাৰে।