Skip to content

Skip to table of contents

তিনি অধ্যায়

পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?

পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?
  • মানৱ জাতিৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?

  • ঈশ্বৰক কেনেকৈ প্ৰত্যাহ্বান জনোৱা হৈছিল?

  • ভৱিষ্যতে পৃথিৱীত জীৱন কেনেকুৱা হ’ব?

১. এই পৃথিৱীখনৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?

এই পৃথিৱীৰ বাবে যিহোৱা ঈশ্বৰৰ উদ্দেশ্য সঁচাকৈ অপূৰ্ব। তেওঁ সুখী আৰু স্বাস্থ্যৱান লোকেৰে পৃথিৱীখন পূৰ হোৱাটো বিচাৰে। বাইবেলে বৰ্ণনা কৰিছে যে “ঈশ্বৰ যিহোৱাই পূবফালে এদনত এখন বাৰী পাতি, . . . দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল, এনে সকলো জাতৰ বৃক্ষ ঈশ্বৰ যিহোৱাই মাটিৰ পৰা উৎপন্ন কৰিলে।” ইয়াৰ পাছত ঈশ্বৰে প্ৰথম পুৰুষ আৰু স্ত্ৰী অৰ্থাৎ আদম আৰু হৱাক সৃষ্টি কৰি এই সুন্দৰ বাগিচাত ৰাখিলে। ঈশ্বৰে তেওঁলোকক আজ্ঞা দিছিল: “তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা, আৰু তাক বশীভূত কৰা।” (আদিপুস্তক ১:২৮; ২:৮, ৯, ১৫) ঈশ্বৰৰ উদ্দেশ্য আছিল যে আদম আৰু হৱাই ল’ৰা-ছোৱালী জন্ম দিয়া আৰু পৃথিৱীখন পূৰ কৰা। ইয়াৰ লগতে, এই পৃথিৱীখনক এক সুন্দৰ বাগিচালৈ ৰূপান্তৰ কৰা আৰু তাত থকা জীৱ-জন্তুবোৰৰ চোৱা-চিতা কৰাৰো তেওঁলোকৰ দায়িত্ব আছিল।

২. (ক) এই পৃথিৱীৰ বাবে ঈশ্বৰৰ যি উদ্দেশ্য আছিল, সেয়া পূৰ হ’ব বুলি আমি কেনেকৈ ক’ব পাৰোঁ? (খ) বাইবেলৰ অনুসৰি কেনেধৰণৰ লোকসকলে অনন্তকাল জীয়াই থাকিব?

এই পৃথিৱীখন এক সুন্দৰ প্ৰমোদবনলৈ ৰূপান্তৰ কৰাৰ ঈশ্বৰৰ যি উদ্দেশ্য আছিল, তাৰ কেতিয়াবা পূৰ হ’বনে? ইয়াৰ বিষয়ে ঈশ্বৰে এইদৰে কৈছে: “মই কলোঁ, মই তাক সিদ্ধও কৰিম।” (যিচয়া ৪৬:৯-১১; ৫৫:১১) ঈশ্বৰে যি উদ্দেশ্য কৰে, তাক তেওঁ নিশ্চয় পূৰ কৰিব। ঈশ্বৰে কৈছে যে তেওঁ “তাক [পৃথিৱীক] স্থাপন কৰিলে, যি জনাই অনৰ্থকৰূপে সৃষ্টি নকৰি বাসস্থানৰ নিমিত্তেহে তাক নিৰ্ম্মাণ কৰিলে।” (যিচয়া ৪৫:১৮) আমাৰ মনলৈ এতিয়া প্ৰশ্ন আহিব পাৰে যে, ঈশ্বৰে এই পৃথিৱীখনত কেনেধৰণৰ লোকসকলে বাস কৰাটো বিচাৰে? আৰু তেওঁলোক কিমান দিনলৈকে জীয়াই থাকিব? বাইবেলে ইয়াৰ উত্তৰ দিছে: “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”গীতমালা ৩৭:২৯; প্ৰকাশিত বাক্য ২১:৩, ৪.

৩. আজি পৃথিৱীৰ পৰিস্থিতি কেনে বাৰু আৰু ইয়াৰপৰা আমাৰ মনলৈ কি প্ৰশ্ন আহিব পাৰে?

এইটো সত্য যে ঈশ্বৰৰ এই উদ্দেশ্য এতিয়ালৈকে পূৰ হোৱা নাই। সেইবাবে, আজি আমি সকলোৱে বেমাৰ আৰু মৃত্যুৰ সন্মুখীন হৈছোঁ। আমাৰ চাৰিওফালে ইজনে-সিজনৰ লগত কাজিয়া লগা আৰু এজনে-আনজনক হত্যা কৰা দেখিবলৈ পোৱা যায়। এই পৰিস্থিতি দেখি এনে লাগে যেন কৰবাত কিবা ভুল হৈ গ’ল। আজি আমাৰ চাৰিওফালে হৈ থকা ঘটনাবোৰৰপৰা আমি বুজিব পাৰোঁ যে প্ৰকৃততে এই উদ্দেশ্য ঈশ্বৰৰ নাছিল। তেনেহ’লে পৰিস্থিতি ইমান বেয়ালৈ কিয় ঢাল খালে? ঈশ্বৰৰ উদ্দেশ্য এতিয়ালৈকে কিয় পূৰ হোৱা নাই? ইয়াৰ উত্তৰ কোনো বুৰঞ্জীবিদে দিব নোৱাৰে। কিয়নো এই সমস্যাৰ আৰম্ভণি স্বৰ্গত হৈছিল।

এটা শত্ৰুৰ আৰম্ভণি

৪, ৫. (ক) প্ৰকৃততে কোনে হৱাৰ লগত সাপৰ দ্বাৰা কথা-বতৰা হৈছিল? (খ) এজন ভদ্ৰ লোকে কেনেকৈ চোৰ হ’ব পাৰে?

বাইবেলৰ প্ৰথমখন কিতাপত এদন বাগিচাত দেখা দিয়া ঈশ্বৰৰ এজন বিৰোধীৰ বিষয়ে বৰ্ণনা আছে। এই বিৰোধীজনক এটা “সৰ্প” বুলি আখ্যা দিয়া হৈছে। কিন্তু মন কৰিবলগীয়া বিষয় হ’ল যে এই সৰ্প মাত্ৰ এটা সাধাৰণ প্ৰাণী নহয়। বাইবেলৰ শেষৰ কিতাপখনত ইয়াক, “দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত” বুলি চিনাক্ত কৰিছে আৰু ই “গোটেই জগতৰ ভ্ৰান্তি জন্মায়।” আনকি ইয়াক ‘পুৰণি সাপ’ বুলিও আখ্যা দিয়া হৈছে। (আদিপুস্তক ৩:১; প্ৰকাশিত বাক্য ১২:৯) চয়তান প্ৰকৃততে এটা দুষ্ট আত্মিক প্ৰাণী। এই আত্মিক প্ৰাণীয়ে হৱাৰ লগত কথা পাতিবলৈ সাপক ব্যৱহাৰ কৰিছিল। সাপৰ লগত হৱাৰ কথা-বতৰা হওঁতে চয়তানে ইয়াক এনেকৈ প্ৰস্তুত কৰিছিল যেন প্ৰকৃততে সাপেহে তাইৰ লগত কথা পাতিছে। গতিকে এই আত্মিক প্ৰাণীজনৰ বিষয়ে আমি ক’ব পাৰোঁ যে ঈশ্বৰে এই পৃথিৱীখন মানুহৰ বাবে সৃষ্টি কৰাৰ সময়ত নিশ্চয় সি তাত উপস্থিত আছিল।—ইয়োব ৩৮:৪, ৭.

আমি সকলোৱে জানোঁ যে যিহোৱাৰ সৃষ্টি সিদ্ধ আৰু ইয়াত কোনো খুঁত নাই। গতিকে প্ৰশ্ন হ’ব পাৰে যে চয়তানক তেনেহ’লে কোনে সৃষ্টি কৰিলে? এক কথাত ক’বলৈ গ’লে, ঈশ্বৰৰ শক্তিশালী এটা আত্মিক প্ৰাণীয়ে নিজকে চয়তান কৰি তুলিলে। এইটো কেনেকৈ সম্ভৱ বাৰু? উদাহৰণস্বৰূপে, আপুনি হয়তো কেতিয়াবা এজন ভদ্ৰ আৰু ন্যায়পৰায়ণ ব্যক্তিকো চুৰ কৰা দেখিছে। ই কেনেকৈ সম্ভৱ? এই ব্যক্তিজনৰ মনত হয়তো চুৰ কৰিবৰ বাবে লোভ থাকিব পাৰে আৰু দিনে ৰাতিয়ে তেওঁ ইয়াৰ বিষয়ে চিন্তা কৰে। এনেকৈ চিন্তা কৰোঁতে কৰোঁতে তেওঁৰ চুৰ কৰাৰ মনোভাব ইমানেই দৃঢ় হৈ পৰে যে কেতিয়াবা সুযোগ পালেই তেওঁ চুৰ কৰিব।—যাকোব ১:১৩-১৫ পঢ়ক।

৬. এজন শক্তিশালী স্বৰ্গদূতে কেনেকৈ চয়তান হৈ পৰিল?

ঠিক সেইদৰে, চয়তানৰ বিষয়েও একেই ক’ব পাৰি। আদম আৰু হৱাক, ল’ৰা-ছোৱালী হোৱা আৰু গোটেই পৃথিৱীখন ভৰি যোৱাৰ বিষয়ে ঈশ্বৰে আশীৰ্ব্বাদ দিয়াৰ সময়ত হয়তো চয়তানে এইবোৰ শুনিছিল। (আদিপুস্তক ১:২৭, ২৮) চয়তানে হয়তো মনতে ভাবিছিল যে, ‘যদি সকলো মানৱে ঈশ্বৰৰ সলনি মোক উপাসনা কৰে তেনেহ’লে কেনে ভাল আছিল!’ চয়তানৰ মনত লাহে লাহে ইয়াৰ প্ৰতি লোভ আহিবলৈ ধৰিলে। সেই অনুসৰি চয়তানে পৰিকল্পনা কৰি হৱাক মিছা কথা কৈ তাইক ঠগিলে। (আদিপুস্তক ৩:১-৫ পঢ়ক।) ইয়াৰ পৰিণামস্বৰূপে সি চয়তান হৈ পৰিল আৰু যাৰ অৰ্থ হৈছে “বিৰোধী।”

৭. (ক) আদম আৰু হৱাৰ কিয় মৃত্যু হৈছিল? (খ) আদমৰ সতি-সন্ততিসকলে কিয় বৃদ্ধ হয় আৰু মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে?

ঠগ আৰু প্ৰবঞ্চনা কৰি চয়তানে আদম আৰু হৱাক ঈশ্বৰৰ আজ্ঞা উলংঘন কৰালে। (আদিপুস্তক ২:১৭; ৩:৬) ইয়াৰ পৰিণামৰ বিষয়ে ঈশ্বৰে তেওঁলোকক আগতেই কোৱাৰ দৰে তেওঁলোক দুয়োজনৰে মৃত্যু হ’ল। (আদিপুস্তক ৩:১৭-১৯) পাপ কৰাৰ ফলত আদম অসিদ্ধ হ’ল আৰু তাৰ সকলো সতি-সন্ততিয়ে উত্তৰাধিকাৰীৰূপে পাপৰ ভাগী হৈ পৰিল। (ৰোমীয়া ৫:১২ পঢ়ক।) এই কথাষাৰ ভালদৰে বুজিবলৈ আহক আমি ইটা বনোৱা ফৰ্মাৰ উদাহৰণলৈ লক্ষ্য কৰোঁ। ইটা ভাটাত ইটা বনাবলৈ একোটাকৈ ফৰ্মা ব্যৱহাৰ কৰা হয়। যদি ফৰ্মাটো অলপ বেঁকা থাকে, তেনেহ’লে তাত বনোৱা ইটাবোৰ কেনেকুৱা হ’ব বাৰু? নিশ্চয়, প্ৰতিটো ইটাই বেঁকা বা অসিদ্ধ হ’ব। ঠিক সেইদৰে, প্ৰতিজন ব্যক্তিয়ে “বেঁকা” স্বৰূপ অসিদ্ধতা, উত্তৰাধিকাৰীৰূপে আদমৰপৰা পালে। এই অসিদ্ধতাৰ বাবে আজি সকলোৱে বৃদ্ধ হয় আৰু মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে।—ৰোমীয়া ৩:২৩.

৮, ৯. (ক) চয়তানে যিহোৱাৰ বিৰুদ্ধে কি অভিযোগ কৰিছিল? (খ) ঈশ্বৰে সেই বিদ্ৰোহীক তেতিয়াই কিয় মাৰি নিদিলে?

চয়তানে আদম আৰু হৱাক ঈশ্বৰৰ বিৰুদ্ধে কাম কৰিবলৈ উচটনি দিয়াৰ সময়ত, প্ৰকৃততে চয়তানে ঈশ্বৰৰ বিৰুদ্ধেহে বিদ্ৰোহ ঘোষণা কৰিছিল। চয়তানে যিহোৱাৰ শাসন পদ্ধতিৰ ওপৰত প্ৰত্যাহ্বান জনালে। এক প্ৰকাৰে চয়তানে ক’ব বিচাৰিছে যে: ‘ঈশ্বৰ এজন দুষ্ট ৰজা। তেওঁ মিছা কথা কয় আৰু নিজৰ প্ৰজাবিলাকক ভাল বস্তুবোৰৰপৰা আঁতৰাই ৰাখিছে। ঈশ্বৰে মানৱ জাতিক শাসন কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁলোকে নিজৰ বিচাৰ নিজেই কৰিব পাৰে। কিন্তু মই যদি তেওঁলোকৰ শাসনকৰ্ত্তা হওঁ, তেনেহ’লে তেওঁলোকে মোৰ অধীনত আটাইতকৈ সুখী প্ৰজা হ’ব।’ এনে এক অপমানজনক অভিযোগৰ উত্তৰ ঈশ্বৰে কেনেকৈ দিব? কিছুমানে ভাবে যে যদি ঈশ্বৰে এই অভিযোগকাৰীক তেতিয়াই মাৰি দিয়াহেঁতেন ভাল আছিল। যদি চয়তানক তেতিয়াই মাৰি দিয়া হ’লে, সি ঈশ্বৰৰ ওপৰত কৰা অভিযোগবোৰৰ উত্তৰ পোৱা গ’লহেঁতেননে? আৰু ঈশ্বৰে শাসন কৰাৰ পদ্ধতি ভাল বুলি প্ৰমাণ কৰিলেহেঁতেননে?

ঈশ্বৰৰ ন্যায় হৈছে সিদ্ধ, সেইবাবে তেওঁ চয়তানক তাৰ অভিযোগ প্ৰমাণ কৰিবলৈ সময় দিছে। ঈশ্বৰে চয়তানক লগে লগে মাৰি শেষ কৰি নিদিয়াৰ এয়া হৈছে এক কাৰণ। চয়তানে যি অভিযোগ কৰিছে তাক ভালদৰে উত্তৰ দিবলৈ আৰু সি যে মিছলীয়া তাক প্ৰমাণ কৰিবলৈ তেওঁ অলপ সময় অনুমতি দিছে। সেইবাবে, চয়তানৰ প্ৰভাৱত মানৱ জাতিয়ে এজনে-আনজনৰ ওপৰত শাসন কৰিবলৈ ঈশ্বৰে অনুমতি দিছে। যিহোৱাই এনে কৰাৰ কাৰণ কি আৰু এই বিষয়বোৰ সমাধান কৰিবলৈ তেওঁ কিয় অপেক্ষা কৰি আছে, এই বিষয়ে ১১ অধ্যায়ত বিতংভাৱে আলোচনা কৰা হ’ব। আহক আমি এতিয়া এই প্ৰশ্নবোৰৰ বিষয়ে অলপ চিন্তা কৰোঁ: আদম আৰু হৱাই চয়তানক বিশ্বাস কৰাটো উচিত আছিলনে, যিয়ে তেওঁলোকৰ বাবে কেতিয়াও একো ভাল কৰা নাই? যিহোৱাই তেওঁলোকৰ প্ৰয়োজনীয় সকলো বস্তু দিছিল, এনে ঈশ্বৰক তেওঁলোকে নিষ্ঠুৰ আৰু মিছলীয়া বুলি ভবা উচিত আছিলনে? আপুনি তেওঁলোকৰ ঠাইত থকা হ’লে, আপুনি কি কৰিলেহেঁতেন?

১০. আপুনি যিহোৱাৰ পক্ষ হৈ কেনেকৈ চয়তানক মিছলীয়া বুলি প্ৰমাণ কৰিব?

১০ আমি প্ৰত্যেকেই এই প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰা উচিত। কাৰণ আজি আমি সকলোৱে নিৰ্ণয় কৰিব লাগিব যে আমি কাৰ পক্ষত আছোঁ। চয়তানৰ অভিযোগ মিছা বুলি প্ৰমাণ কৰিবলৈ আপুনি যিহোৱাৰ পক্ষ ল’ব পাৰে। যিহোৱাৰ শাসন স্বীকাৰ কৰাৰ যোগেদি আপুনি চয়তানক মিছলীয়া বুলি প্ৰমাণ কৰিব পাৰিব। (গীতমালা ৭৩:২৮; হিতোপদেশ ২৭:১১ পঢ়ক।) কিন্তু দুখৰ বিষয় যে আজি কোটি কোটি মানুহৰ মাজত মাত্ৰ কেইজনমানেহে এনে কৰিবলৈ নিৰ্ণয় লৈছে। এতিয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে, চয়তানে এই পৃথিৱীৰ শাসক হয় বুলি বাইবেলে শিকায়নে?

এই পৃথিৱীখনক কোনে শাসন কৰিছে?

যদি গোটেই পৃথিৱীৰ ৰাজ্যবোৰ চয়তানৰ নোহোৱাহেঁতেন, তেনেহ’লে সি কেনেকৈ যীচুক দিবলৈ বিচাৰিব?

১১, ১২. (ক) যীচুক যি ধৰণে পৰীক্ষা কৰা হৈছিল তাৰপৰা আমি কেনেকৈ ক’ব পাৰোঁ যে চয়তান এই পৃথিৱীৰ শাসক? (খ) কি বিষয়বোৰে প্ৰমাণ কৰে যে চয়তান এই পৃথিৱীৰ শাসক?

১১ চয়তান এই পৃথিৱীৰ শাসক নহয় বুলি যীচুৱে কেতিয়াও কোৱা নাছিল। এবাৰ চয়তানে এক চমৎকাৰীৰূপে যীচুক, “জগতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ ঐশ্বৰ্য্যও দেখুৱালে” আৰু ক’লে, “তুমি যদি দণ্ডৱতে মোক প্ৰণাম কৰা, তেন্তে এই সকলোকে তোমাক দিম।” (মথি ৪:৮, ৯; লূক ৪:৫, ৬) খন্তেক বিবেচনা কৰকচোন। যদি চয়তান এই পৃথিৱীৰ শাসক নহয়, তেন্তে সি যীচুক এই পৃথিৱীৰ সকলো বস্তু দিব পাৰিলেহেঁতেননে? আৰু যীচুৰ বাবে ই এক পৰীক্ষা হ’লহেঁতেননে? এই পৃথিৱীৰ সকলো ৰাজ্য চয়তানৰ হয় বুলি যীচুৱে স্বীকাৰ কৰিছে। এই সকলোবোৰ যদি চয়তানৰ নহয়, তেনেহ’লে নিশ্চয় যীচুৱে চয়তানে কোৱা অনুসৰি কৰিলেহেঁতেন।

১২ ইয়াত কোনো সন্দেহ নাই যে যিহোৱা সৰ্ব্বশক্তিমান ঈশ্বৰ আৰু তেওঁ গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তা। (প্ৰকাশিত বাক্য ৪:১১) কিন্তু যিহোৱা ঈশ্বৰ বা যীচু খ্ৰীষ্ট এই জগতৰ শাসক হয় বুলি বাইবেলত উল্লেখ নাই। যীচুৱে চয়তানক এই ‘জগতৰ অধিপতি’ বুলি প্ৰকাশ কৰিছে। (যোহন ১২:৩১; ১৪:৩০; ১৬:১১) বাইবেলতো চয়তানক, ‘এই যুগৰ দেৱতা’ বুলি আখ্যা দিছে। (২ কৰিন্থীয়া ৪:৩, ৪) চয়তানৰ বিষয়ে পাঁচনি যোহনে লিখিছিল: “আমি জানো যে, আমি ঈশ্বৰৰ পৰা হওঁ, আৰু গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।”—১ যোহন ৫:১৯.

চয়তানৰ জগতখনক কেনেকৈ ধ্বংস কৰা হ’ব

১৩. আমাক এক নতুন পৃথিৱীৰ কিয় প্ৰয়োজন?

১৩ দিনক দিনে এই পৃথিৱীখন এক ভয়ানক দিশলৈ গতি কৰিছে। আজি আমাৰ চাৰিওফালে ৰাস্তা-পদূলিবোৰত সৈন্য-সামন্তই টহল দি থকা, ভ্ৰষ্টাচাৰী ৰাজনৈতিক নেতা, ভণ্ড ধৰ্ম্মীয় নেতা আৰু নিষ্ঠুৰ অপৰাধীৰে ভৰি পৰিছে। এইবোৰ দেখি আমাক এনে লাগে যেন এই পৃথিৱীখন আৰু ভাললৈ পৰিৱৰ্তন কৰিব পৰা নাযাব। কিন্তু বাইবেলে বৰ্ণনা কৰিছে যে অতি সোনকালে ঈশ্বৰে এই পৃথিৱীৰ দুষ্ট ব্যৱস্থাক হৰমাগিদোন বা ঈশ্বৰৰ ন্যায়ৰ যুদ্ধত ধ্বংস কৰিব আৰু ইয়াৰ পাছত ঈশ্বৰে এক নতুন পৃথিৱীৰ পথ মুকলি কৰিব।—প্ৰকাশিত বাক্য ১৬:১৪-১৬.

১৪. ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে কাক নিৰ্ব্বাচিত কৰা হৈছে আৰু ইয়াৰ বিষয়ে ভৱিষ্যতবাণীত কেনেকৈ বৰ্ণনা কৰা হৈছে?

১৪ যিহোৱা ঈশ্বৰে যীচু খ্ৰীষ্টক, স্বৰ্গীয় ৰাজ্য বা চৰকাৰৰ বাবে ৰজা হিচাপে নিৰ্ব্বাচিত কৰিছে। ইয়াৰ বিষয়ে বাইবেলত বহু বছৰৰ আগতেই এইদৰে ভৱিষ্যতবাণী কৰা হৈছিল: “কিয়নো আমালৈ এটি লৰা জন্মিল, আমাক এটি পুত্ৰ দান কৰা হল; আৰু তেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হব, আৰু তেওঁ . . . শান্তিৰাজ নামেৰে প্ৰখ্যাত হব। তেওঁৰ ৰাজ্যশাসন আৰু শান্তিবৃদ্ধিৰ শেষ নহব।” (যিচয়া ৯:৬, ৭) এই ৰাজ্যখনৰ বিষয়ে যীচু খ্ৰীষ্টই তেওঁৰ অনুগামীসকলক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল: “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।” (মথি ৬:১০) এই কিতাপখন অধ্যয়ন কৰি গৈ থাকিলে আমি জানিব পাৰিম যে ঈশ্বৰৰ ৰাজ্যই কেনেকৈ বৰ্তমানৰ চৰকাৰবোৰক ধ্বংস কৰিব আৰু গোটেই পৃথিৱীজুৰি তেওঁৰ শাসন আনিব। (দানিয়েল ২:৪৪ পঢ়ক।) এই সকলোৰ অন্তত গোটেই পৃথিৱীখন এক সুন্দৰ বাগিচালৈ ৰূপান্তৰ কৰা হ’ব।

এক নতুন পৃথিৱী নিচেই কাষত

১৫. ‘নতুন পৃথিৱীৰ’ অৰ্থ কি?

১৫ বাইবেলে আমাক সম্পূৰ্ণ নিশ্চয়তা দিছে: “তেওঁৰ [ঈশ্বৰৰ] প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে।” (২ পিতৰ ৩:১৩; যিচয়া ৬৫:১৭) কেতিয়াবা কেতিয়াবা বাইবেলত ‘পৃথিৱী’ শব্দটো, এই পৃথিৱীত বাস কৰা লোকসকলৰ বাবে ব্যৱহাৰ কৰা হৈছে। (যিচয়া ১:২) গতিকে, ‘নতুন পৃথিৱীৰ’ অৰ্থ হৈছে, ঈশ্বৰে অনুমোদন কৰা লোকসকলৰ এক সমাজ।

১৬. ঈশ্বৰে অনুমোদন কৰা লোকসকলৰ বাবে কি অমূল্য উপহাৰ আছে আৰু ইয়াক পাবলৈ আমি কি কৰা উচিত?

১৬ যীচু খ্ৰীষ্টই প্ৰতিজ্ঞা কৰিছিল যে ঈশ্বৰৰ অনুমোদন পোৱা লোকসকলে, ‘অনন্ত জীৱনৰ’ অধিকাৰী হ’ব। (মাৰ্ক ১০:৩০) অনুগ্ৰহ কৰি আপোনাৰ বাইবেলৰপৰা যোহন ৩:১৬ আৰু ১৭:৩ পঢ়ক। ইয়াত আপুনি দেখিবলৈ পাব যে অনন্ত জীৱনৰ অধিকাৰী হ’বলৈ আমি কি কৰাৰ প্ৰয়োজন। গতিকে আহক, নতুন পৃথিৱীত অনন্ত জীৱনৰ অধিকাৰী হোৱা লোকসকলৰ বাবে, বাইবেলে বৰ্ণনা কৰা আশীৰ্ব্বাদৰ বিষয়ে অলপ চকু ফুৰাওঁ।

১৭, ১৮. গোটেই পৃথিৱীজুৰি শান্তি আৰু সুৰক্ষা হ’ব বুলি আমি কেনেকৈ নিশ্চিত হ’ব পাৰোঁ?

১৭ দুষ্টতা, যুদ্ধ, অপৰাধ আৰু হিংসা নাথাকিব। “কাৰণ অলপতে দুষ্ট লোক নাইকিয়া হব . . . কিন্তু নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব।” (গীতমালা ৩৭:১০, ১১) গোটেই পৃথিৱীজুৰি শান্তি হ’ব, কাৰণ ঈশ্বৰে ‘পৃথিবীৰ অন্তলৈকে যুদ্ধৰ শেষ কৰিব।’ (গীতমালা ৪৬:৯; যিচয়া ২:৪) আৰু তেতিয়া “ধাৰ্ম্মিক জন জক্‌মকাব; চন্দ্ৰ থাকেমানে প্ৰচুৰ শান্তি থাকিব।” ইয়াৰ অৰ্থ হৈছে অনন্ত কালৰ বাবে গোটেই পৃথিৱীজুৰি শান্তি হ’ব।—গীতমালা ৭২:৭.

১৮ যিহোৱাৰ উপাসকসকলে সুৰক্ষাত থাকিব। ইস্ৰায়েলী লোকসকলে যেতিয়ালৈকে ঈশ্বৰৰ আজ্ঞা অনুসৰি চলিছিল, তেতিয়ালৈকে তেওঁলোক সুৰক্ষাত আছিল। (লেবীয়া পুস্তক ২৫:১৮, ১৯) ঠিক সেইদৰে, নতুন পৃথিৱীতো ঈশ্বৰৰ উপাসকসকলে সুৰক্ষাত থাকিব। নতুন পৃথিৱীত সুৰক্ষিত থকাৰ কি যে এক আনন্দৰ বিষয়, নহয়নে বাৰু!—যিচয়া ৩২:১৮ পঢ়ক; মীখা ৪:৪.

১৯. আমি কেনেকৈ ক’ব পাৰোঁ যে ঈশ্বৰৰ নতুন পৃথিৱীত খাদ্যৰ কোনো অভাৱ নহ’ব?

১৯ আকাল আৰু নহ’ব। গীত ৰচকে বৰ্ণনা কৰিছে যে “পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব।” (গীতমালা ৭২:১৬) যিহোৱাই তেওঁৰ ধাৰ্ম্মিক লোকসকলক আশীৰ্ব্বাদ দিব আৰু ‘পৃথিবীয়ে নিজ ফল উৎপন্ন কৰিব।’—গীতমালা ৬৭:৬.

২০. আমি কিয় নিশ্চিত হ’ব পাৰোঁ যে গোটেই পৃথিৱীখন এখন প্ৰমোদবনলৈ পৰিণত হ’ব?

২০ গোটেই পৃথিৱীখন প্ৰমোদবনলৈ পৰিণত হ’ব। অসিদ্ধ মানৱে অনিষ্ট কৰা ঠাইবোৰত ধুনীয়া ধুনীয়া ঘৰ আৰু বাগিচা বনোৱা হ’ব। (যিচয়া ৬৫:২১-২৪ পঢ়ক; প্ৰকাশিত বাক্য ১১:১৮) সময় অতিবাহিত হোৱাৰ লগে লগে গোটেই পৃথিৱীখন এদন বাগিচাৰ নিচিনাকৈ ফলদায়ক আৰু সুন্দৰ কৰি তোলা হ’ব। আমি সম্পূৰ্ণ ভাৰসা কৰিব পাৰোঁ যে ঈশ্বৰে ‘সমুদায় প্ৰাণীৰে বাঞ্ছা পূৰ্ণ কৰিব।’—গীতমালা ১৪৫:১৬.

২১. কিহে দেখুৱায় যে মানৱ আৰু জীৱ-জন্তুৰ মাজত শান্তি হ’ব?

২১ মানৱ আৰু জীৱ-জন্তুৰ মাজত শান্তি হ’ব। ঘৰচীয়া আৰু বনৰীয়া জন্তু একেলগে চৰিব। হিংস্ৰ জীৱ-জন্তুৰপৰা সৰু ল’ৰা-ছোৱালীয়ে ভয় নাখাব।—যিচয়া ১১:৬-৯ পঢ়ক; ৬৫:২৫.

২২. ৰোগৰ কি হ’ব?

২২ বেমাৰ আৰু নাথাকিব। যীচু খ্ৰীষ্টই এই পৃথিৱীত থাকোঁতে বহুতো ৰোগীক সুস্থ কৰিছিল আৰু স্বৰ্গীয় ৰাজ্যৰ শাসক হিচাপে ভৱিষ্যতে তেওঁ ইয়াতকৈ বেছি কৰিব। (মথি ৯:৩৫; মাৰ্ক ১:৪০-৪২; যোহন ৫:৫-৯) আৰু তেতিয়া, “মই নৰিয়া, এই বুলি নগৰ-নিবাসীয়ে নকব।”—যিচয়া ৩৩:২৪; ৩৫:৫, ৬.

২৩. মৃত লোকসকলৰ পুনৰুত্থানে আমাৰ বাবে কিয় আনন্দ কঢ়িয়াই আনিব?

২৩ মৃত লোকসকলক পুনৰ জীৱিত কৰা হ’ব। মৃত্যু হোৱা লোকসকল প্ৰকৃততে গভীৰ টোপনিত আছে। ঈশ্বৰে তেওঁৰ স্মৃতিত থকা এই লোকসকলক পুনৰুত্থান কৰিব আৰু “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুত্থান হব।”—পাঁচনিৰ কৰ্ম্ম ২৪:১৫; যোহন ৫:২৮, ২৯ পঢ়ক।

২৪. প্ৰমোদবনত জীয়াই থকাৰ বিষয়ে আপুনি কি ভাবে?

২৪ যিহোৱা ঈশ্বৰক উপাসনা কৰিবলৈ সিদ্ধান্ত লোৱা লোকসকলৰ বাবে কি যে এক সুন্দৰ ভৱিষ্যত অপেক্ষা কৰি আছে! আহিবলগীয়া এই প্ৰমোদবনৰ বিষয়ে যীচু খ্ৰীষ্টই তেওঁৰ লগত মৃত্যুদণ্ড দিয়া সেই অপৰাধীজনক এইদৰে প্ৰতিজ্ঞা কৰিছিল: “তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।” (লূক ২৩:৪৩) এই সকলো আশীৰ্ব্বাদ আমি যীচু খ্ৰীষ্টৰ দ্বাৰাহে পাম। গতিকে, আমি তেওঁৰ বিষয়ে বেছিকৈ জনাৰ প্ৰয়োজন।