পাঁচনিৰ কৰ্ম্ম ১০:১-৪৮

  • কৰ্ণীলিয়ই দৰ্শন দেখিলে (১-৮)

  • পিতৰে ঈশ্বৰে শুচি কৰা জন্তুৰ দৰ্শন দেখিলে (৯-১৬)

  • পিতৰে কৰ্ণীলিয়ৰ ঘৰলৈ গʼল (১৭-৩৩)

  • পিতৰে ইস্ৰায়েলী নোহোৱা লোকসকলক শুভবাৰ্তা শুনালে (৩৪-৪৩)

    • “ঈশ্বৰে পক্ষপাত নকৰে” (৩৪, ৩৫)

  • ইস্ৰায়েলী নোহোৱা লোকসকলে পবিত্ৰ শক্তি লাভ কৰিলে; তেওঁলোকে বাপ্তিষ্মা লʼলে (৪৪-৪৮)

১০  কৈচৰিয়াত কৰ্ণীলিয় নামৰ এজন ব্যক্তি আছিল, যিজন ইতালীয়া সৈন্যদলৰ* এজন সেনাপতি* আছিল। ২  তেওঁ নিজৰ গোটেই পৰিয়ালৰ সৈতে ঈশ্বৰৰ উপাসনা কৰিছিল। তেওঁ লোকসকলক বহুতো দান দিছিল আৰু ঈশ্বৰলৈ মিনতি কৰিছিল। ৩  তেওঁ দিনৰ প্ৰায় ন ঘণ্টাত* ঈশ্বৰৰ এজন স্বৰ্গদূতক দৰ্শনত স্পষ্টকৈ দেখিলে, যিজনে তেওঁৰ ওচৰলৈ আহি কʼলে, “কৰ্ণীলিয়!” ৪  তেওঁ ভয়ত দূতজনক একেথৰে চাই থাকিল আৰু তেওঁ কʼলে, “কওক প্ৰভু, মই কি কৰিম?” দূতজনে তেওঁক কʼলে, “ঈশ্বৰে তোমাৰ প্ৰাৰ্থনা শুনিলে আৰু যি দান তুমি দিয়া, তাৰ ওপৰত ধ্যান দিলে। ৫  সেইবাবে, এতিয়া তুমি নিজৰ মানুহ পঠাই যাফোৰ পৰা চিমোনক মাতি আনা, যিজনক পিতৰ বুলিও কোৱা হয়। ৬  তেওঁ চামৰাৰ কাম কৰা চিমোনৰ ঘৰত আলহী হৈ আছে, যিজনৰ ঘৰ সমুদ্ৰৰ পাৰত আছে।” ৭  সেই স্বৰ্গদূতজন যোৱাৰ লগে লগে কৰ্ণীলিয়ই নিজৰ ঘৰৰ দুজন সেৱকক আৰু ঈশ্বৰলৈ ভয় ৰখা সৈনিকসকলৰ মাজৰ এজনক মাতিলে, যিজনে সকলো সময়তে তেওঁৰ সেৱাৰ কাৰণে উপস্থিত থাকিছিল। ৮  তেওঁ তেওঁলোকক সম্পূৰ্ণ কথাবোৰ জনাই যাফোলৈ পঠালে। ৯  পাছ দিনাখন যেতিয়া কৰ্ণীলিয়ৰ সেৱকসকলে যাত্ৰা কৰি কৰি চহৰৰ ওচৰ পালেহি, তেতিয়া প্ৰায় ছয় ঘন্টাত* পিতৰে প্ৰাৰ্থনা কৰিবলৈ ঘৰৰ ছাদৰ ওপৰত উঠিল। ১০  কিন্তু তেওঁৰ বহুত ভোক লাগিল আৰু তেওঁ কিবা খাব বিচাৰিছিল। যেতিয়া তেওঁলোকে আহাৰ তৈয়াৰ কৰি আছিল, তেতিয়া তেওঁ এটা দৰ্শন দেখিলে। ১১  আৰু তেওঁ দেখিলে যে আকাশ মুকলি হʼল আৰু ডাঙৰ চাদৰৰ দৰে কিবা* তললৈ আহি আছিল। তাৰ চাৰিও চুকত ধৰি পৃথিৱীত নমোৱা হৈছিল। ১২  তাত পৃথিৱীত পোৱা সকলো ধৰণৰ জন্তু* আৰু বগাই ফুৰা জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ আছে। ১৩  তাৰ পাছত পিতৰে এটা মাত শুনিবলৈ পালে, “পিতৰ উঠা, এইবোৰ কাটি খোৱা!” ১৪  কিন্তু তেওঁ কʼলে, “নহয় প্ৰভু, মই কেতিয়াও নিয়মৰ অনুসৰি নিষিদ্ধ আৰু অশুচি বস্তু খোৱা নাই।” ১৫  দ্বিতীয়বাৰ আকৌ তেওঁ সেই মাত শুনিবলৈ পালে, “ঈশ্বৰে যিবোৰক শুচি কৰিছে, তুমি সেইবোৰক এতিয়াৰে পৰা অশুচি বুলি নকʼবা।” ১৬  তৃতীয়বাৰো এইদৰে হʼল আৰু তাৰ পাছত সেই চাদৰৰ নিচিনা কিবা বস্তু* লগে লগে আকাশলৈ উঠাই নিয়া হʼল। ১৭  এই দৰ্শনৰ অৰ্থ কি হʼব পাৰে বুলি পিতৰে চিন্তিত হৈ পৰিছিল। তেওঁ এই বিষয়ে ভাবি থাকোঁতেই কৰ্ণীলিয়ৰ মানুহবিলাকে চিমোনৰ ঘৰ বিচাৰি বিচাৰি তেওঁৰ দুৱাৰ মুখত আহি থিয় হʼল। ১৮  তেওঁলোকে জোৰেৰে মাত লগালে আৰু সুধিলে যে চিমোন, যাক পিতৰ বুলি কোৱা হয়, তেওঁ ইয়াতে আছে নে। ১৯  পিতৰে দৰ্শনৰ বিষয়ে ভাবি আছিল আৰু পবিত্ৰ শক্তিয়ে তেওঁক কʼলে, “চোৱা! তিনিজন মানুহে তোমাৰ বিষয়ে সুধি আছে। ২০  উঠা, তললৈ যোৱা আৰু সন্দেহ নকৰাকৈ তেওঁলোকৰ লগত যোৱা, কাৰণ ময়েই তেওঁলোকক পঠাইছোঁ।” ২১  তেতিয়া পিতৰে নামি সেই মানুহবিলাকৰ ওচৰলৈ গʼল আৰু তেওঁ কʼলে, “চোৱা! তোমালোকে যাক বিচাৰি আছা, সেইজন ময়েই হওঁ। তোমালোকে ইয়ালৈ কি কাৰণত আহিলা?” ২২  তেওঁলোকে কʼলে, “সেনাপতি কৰ্ণীলিয়ই আমাক পঠাইছে। তেওঁ ঈশ্বৰলৈ ভয় ৰখা এজন ভাল মানুহ হয়। সকলো যিহূদীয়েও তেওঁৰ প্ৰশংসা কৰে। আপোনাক মাতি আনিবলৈ আৰু যি কথা আপুনি কʼব, সেই কথা শুনিবলৈ এজন পবিত্ৰ স্বৰ্গদূতে ঈশ্বৰৰ ফালৰ পৰা তেওঁক নিৰ্দেশনা দিলে।” ২৩  এয়া শুনি পিতৰে তেওঁলোকক ভিতৰলৈ মাতিলে আৰু তেওঁলোকক আলহী কৰি ৰাখিলে। পাছ দিনাখন পিতৰ উঠিল আৰু তেওঁলোকৰ লগত গুচি গʼল আৰু যাফোৰ কেইজনমান ভায়ো তেওঁৰ লগত গʼল। ২৪  দ্বিতীয় দিনাখন তেওঁ কৈচৰিয়া পালেগৈ। তাত কৰ্ণীলিয়ই তেওঁলোকৰ কাৰণে অপেক্ষা কৰি আছিল। তেওঁ নিজৰ সম্বন্ধীয় আৰু ঘনিষ্ঠ বন্ধুসকলকো নিজৰ ঘৰলৈ মাতিছিল। ২৫  যেতিয়া পিতৰ ঘৰৰ ভিতৰলৈ গʼল, তেতিয়া কৰ্ণীলিয়ই আহি তেওঁক লগ কৰিলে আৰু তেওঁ পিতৰৰ ভৰিত পৰি* তেওঁক প্ৰণাম কৰিলে। ২৬  কিন্তু পিতৰে তেওঁক উঠাই কʼলে, “উঠক, ময়ো আপোনাৰ নিচিনা এজন মানুহেই হওঁ।” ২৭  পিতৰে তেওঁৰ লগত কথা পাতি পাতি ভিতৰলৈ গʼল আৰু তেওঁ দেখিলে যে তাত বহুতো মানুহ গোট খাই আছে। ২৮  পিতৰে তেওঁলোকক কʼলে, “আপোনালোকে ভালদৰে জানে যে এজন যিহূদীয়ে আন জাতিৰ কোনো মানুহক লগ কৰা বা তেওঁৰ তাত যোৱাটোও নিয়মৰ বিৰুদ্ধে হয়, তথাপি ঈশ্বৰে মোক দেখুৱালে যে মই কোনো মানুহক অশুচি বুলি কোৱাটো উচিত নহয়। ২৯  সেইবাবে, মোক যেতিয়া মতা হʼল, তেতিয়া মই কোনো আপত্তি নকৰাকৈ আহিলোঁ। এতিয়া মোক কওক, আপোনালোকে মোক ইয়ালৈ কি কাৰণত মাতিলে।” ৩০  তাৰ পাছত কৰ্ণীলিয়ই কʼলে, “আজিৰ পৰা চাৰিদিনৰ আগৰ কথা হয়, যেতিয়া মই ন ঘণ্টাত* নিজৰ ঘৰত প্ৰাৰ্থনা কৰি আছিলোঁ, তেতিয়া মই দেখিলোঁ যে উজ্জ্বল কাপোৰ পিন্ধা এজন মানুহ মোৰ ওচৰত থিয় হʼল। ৩১  তেওঁ মোক কʼলে, ‘কৰ্ণীলিয়, ঈশ্বৰে তোমাৰ প্ৰাৰ্থনা শুনিলে আৰু যি দান তুমি দিয়া, তাৰ ওপৰত ধ্যান দিলে। ৩২  সেইবাবে, এতিয়া নিজৰ মানুহবিলাকক যাফোলৈ পঠোৱা আৰু সেই চিমোনক, যাক পিতৰ বুলিও কোৱা হয়, তেওঁক মাতি আনা। তেওঁ চামৰাৰ কাম কৰা চিমোনৰ ঘৰত আলহী হৈ আছে, যিজনৰ ঘৰ সমুদ্ৰৰ পাৰত আছে।’ ৩৩  সেইবাবে, মই লগে লগে তোমাক মাতি পঠালোঁ আৰু তুমি ইয়ালৈ আহি ভাল কৰিলা। এতিয়া আমি সকলোৱে ঈশ্বৰৰ ওচৰত উপস্থিত হৈছোঁ যাতে যি যি কʼবলৈ যিহোৱাই* তোমাক আজ্ঞা দিছে, সেইবোৰ যেন আমি শুনিব পাৰোঁ।” ৩৪  তেতিয়া পিতৰে কʼবলৈ আৰম্ভ কৰিলে, “এতিয়া মই ভালদৰে বুজি পালোঁ যে ঈশ্বৰে পক্ষপাত নকৰে। ৩৫  ইয়াৰ পৰিৱৰ্তে, যিয়ে জাতিৰ নহওক কিয় যদি কোনোবাই ঈশ্বৰলৈ ভয় ৰাখে আৰু সঠিক কাম কৰে, তেনেহʼলে ঈশ্বৰে তেওঁক গ্ৰহণ কৰে। ৩৬  ঈশ্বৰে ইস্ৰায়েলীসকললৈ এটা খবৰ পঠিয়ালে, তেওঁলোকক এই শুভবাৰ্তা দিলে যে যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ লগত শান্তি স্থাপন কৰিব পাৰি। এইজন যীচুৱে সকলোৰে প্ৰভু হয়। ৩৭  যোহনে বাপ্তিষ্মাৰ বিষয়ে প্ৰচাৰ কৰাৰ পাছত গালীলৰ পৰা আৰম্ভ কৰি গোটেই যিহূদিয়াত কাৰ বিষয়ে আলোচনা হʼবলৈ ধৰিলে, সেয়া আপোনালোকে নিজেও জানে। ৩৮  অৰ্থাৎ নাচৰতীয়া যীচুৰ বিষয়ে। আপোনালোকে শুনিছে যে ঈশ্বৰে কেনেকৈ পবিত্ৰ শক্তিৰে তেওঁক অভিষিক্ত কৰিলে আৰু তেওঁক শক্তি দিলে আৰু তেওঁ গোটেই দেশত ভাল কাম কৰি থাকিল আৰু চয়তানৰ* কাৰণে কষ্ট ভুগি থকা লোকসকলক সুস্থ কৰি থাকিল, কিয়নো ঈশ্বৰ তেওঁৰ লগত আছিল। ৩৯  আৰু আমি সেই সকলো কামৰ সাক্ষী হওঁ, যি তেওঁ যিহূদীসকলৰ দেশত আৰু যিৰূচালেমত কৰিছিল। কিন্তু তেওঁলোকে তেওঁক কাঠত* আঁৰি হত্যা কৰিলে। ৪০  ঈশ্বৰে এইজন যীচুকে তৃতীয় দিনাখন জীয়াই তুলিলে যাতে লোকসকলে তেওঁক দেখা পায়। ৪১  কিন্তু সকলোৱেই নহয়, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰে যিসকলক আগৰে পৰা নিযুক্ত কৰিছিল, অৰ্থাৎ আমি। মৃতবিলাকৰ মাজৰ পৰা তেওঁ জীৱিত হোৱাৰ পাছত আমি তেওঁৰ লগত খোৱা-বোৱা কৰিলোঁ। ৪২  জীৱিত আৰু মৃত্যু হোৱা লোকসকলৰ ন্যায়ী হʼবলৈ ঈশ্বৰে যিজনক নিযুক্ত কৰিলে, তেৱেঁই সেইজনা। এই কথা লোকসকলক প্ৰচাৰ কৰিবলৈ আৰু ভালদৰে সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিছে। ৪৩  সকলো ভৱিষ্যবক্তাই এইজন যীচুৰ বিষয়ে সাক্ষ্য দিছিল যে যি কোনোৱে তেওঁৰ ওপৰত বিশ্বাস কৰিব, তেওঁ যীচুৰ নামেৰে পাপৰ ক্ষমা পাব।” ৪৪  পিতৰে এই কথা কৈ থাকোঁতেই বাক্য শুনি থকা সকলোৰে ওপৰত পবিত্ৰ শক্তি আহিল। ৪৫  পিতৰৰ লগত অহা চুন্নৎ হোৱা* সেই সকলো শিষ্যই আচৰিত হৈছিল, কিয়নো দান হিচাপে পবিত্ৰ শক্তি ইস্ৰায়েলী নোহোৱা লোকসকলকো দিয়া হৈছিল। ৪৬  তেওঁলোকে সেই লোকসকলক বেলেগ বেলেগ ভাষা কোৱা আৰু ঈশ্বৰৰ প্ৰশংসা কৰা শুনিলে। তেতিয়া পিতৰে কʼলে, ৪৭  “এই লোকসকলেও আমাৰ দৰে পবিত্ৰ শক্তি পাইছে, এতিয়া পানীত বাপ্তিষ্মা* লʼবলৈ এওঁলোকক কোনে বাধা দিব পাৰে?” ৪৮  তাৰ পাছত পিতৰে এই আজ্ঞা দিলে তেওঁলোকক যেন যীচু খ্ৰীষ্টৰ নামেৰে বাপ্তিষ্মা দিয়া হয়। ইয়াৰ পাছত কিছু দিন তাতে থাকিবলৈ তেওঁলোকে পিতৰক মিনতি কৰিলে।

Footnotes

৬০০ জন সৈন্যেৰে গঠিত ৰোমান বাহিনী।
সেই সেনাপতিজনৰ অধীনত ১০০ জন সৈন্য থাকে।
অৰ্থাৎ আবেলি প্ৰায় তিনি বজাত।
অৰ্থাৎ দুপৰীয়া প্ৰায় ১২ বজাত।
আক্ষ., “এক প্ৰকাৰৰ পাত্ৰ।”
আক্ষ., “চাৰিঠেঙীয়া প্ৰাণী।”
আক্ষ., “পাত্ৰ।”
বা “মূৰ দোৱাই।”
অৰ্থাৎ আবেলি প্ৰায় তিনি বজাত।
অতি. ক৫ চাওক।
আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।
বা “গছত।”
বা “বিশ্বাসী লোক।”
বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱা।”