Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

তাড়নাৰ সত্ত্বেও আনন্দিত থাকক

তাড়নাৰ সত্ত্বেও আনন্দিত থাকক

খ্ৰীষ্টানসকলে জানে যে তেওঁলোকক অত্যাচাৰ কৰা হʼব। (যোহ ১৫:২০) যেতিয়া এনে হয়, তেতিয়া আমি চিন্তিত হওঁ আৰু আমাক কিছুমান সমস্যাৰো সন্মুখীন হʼবলগীয়া হয়। কিন্তু আমি যদি এইবোৰ ধৈৰ্য্যেৰে সন্মুখীন হওঁ, তেনেহʼলে আমি তাড়নাৰ সন্মুখীন হোৱাৰ সময়তো আনন্দিত হৈ থাকিব পাৰিম।—মথি ৫:১০-১২; ১ পিত ২:১৯, ২০.

আমি আনন্দত থাকিব পাৰোঁ . . . তাড়নাৰ সত্ত্বেও নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

ভাই বাজহেনʼবৰ অনুভৱৰ পৰা আপুনি তলত দিয়া কথাবোৰৰ বিষয়ে কি শিকিলে?

  • প্ৰতিদিনে বাইবেল পঢ়া

  • ভাই-ভনীসকলৰ পৰা পোৱা সহায় a

  • বাৰে বাৰে প্ৰাৰ্থনা কৰা

  • ৰাজ্য গীত গোৱা

  • নিজৰ বিশ্বাসৰ বিষয়ে লোকসকলৰ লগত কথা পতা

a জেলত বন্দী হৈ থকা আমাৰ ভাই-ভনীসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি তেওঁলোকৰ নাম লৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। কিন্তু আমাৰ চিঠিবোৰ এনে ভাই-ভনীসকলক পঠিয়াই দিয়াটো শাখা কাৰ্য্যালয়ৰ বাবে সম্ভৱ নহয়।