Skip to content

ঈশ্বৰৰ ৰাজ্য কি হয়?

ঈশ্বৰৰ ৰাজ্য কি হয়?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

 ঈশ্বৰৰ ৰাজ্য হৈছে এখন সক্ৰিয় চৰকাৰ আৰু ইয়াক যিহোৱা ঈশ্বৰে স্থাপন কৰিছে। যিহেতু ঈশ্বৰৰ ৰাজ্যক স্বৰ্গৰপৰা শাসন কৰা হʼব, সেইবাবে ইয়াক “স্বৰ্গৰাজ্য” বুলিও কোৱা হৈছে। (মাৰ্ক ১:১৪, ১৫; মথি ৪:১৭) ইয়াৰ বিভিন্ন বৈশিষ্ট্য মানৱ চৰকাৰবোৰৰ লগত মিল আছে। কিন্তু ঈশ্বৰৰ ৰাজ্যৰ শাসন পদ্ধতি সকলো ক্ষেত্ৰত মানৱ চৰকাৰবোৰতকৈয়ো উন্নত।

  •   শাসক। ঈশ্বৰে যীচু খ্ৰীষ্টক এই ৰাজ্যৰ ৰজা হিচাপে নিযুক্ত কৰিছে আৰু কোনো মানৱ শাসকতকৈয়ো তেওঁক অধিক ক্ষমতা দিছে। (মথি ২৮:১৮) যীচু খ্ৰীষ্ট এজন বিশ্বাসযোগ্য আৰু মৰমিয়াল ব্যক্তি হয় বুলি তেওঁ নিজেই প্ৰমাণ কৰি দেখুৱালে আৰু সেইবাবে আমি বিশ্বাস কৰিব পাৰোঁ যে যীচুৱে এই ক্ষমতা কেৱল ভালৰ বাবেহে ব্যৱহাৰ কৰিব। (মথি ৪:২৩; মাৰ্ক ১:৪০, ৪১; ৬:৩১-৩৪; লূক ৭:১১-১৭) ঈশ্বৰৰ সহায়ত যীচুৱে তেওঁৰ লগত স্বৰ্গৰপৰা “পৃথিবীৰ ওপৰত ৰাজত্ব” কৰিবলৈ এই পৃথিৱীৰপৰা বিভিন্ন লোকক নিৰ্ব্বাচন কৰে।—প্ৰকাশিত বাক্য ৫:৯, ১০.

  •   সময় সীমা। সাধাৰণতে, এটা মানৱ চৰকাৰৰ অন্ত হʼলে আন এটা চৰকাৰ আহে, কিন্তু ঈশ্বৰৰ ৰাজ্য “কেতিয়াও বিনষ্ট নহব।”—দানিয়েল ২:৪৪.

  •   প্ৰজা। পূৰ্ব্বপুৰুষৰ বাবে বা কোনো এখন দেশত জন্মগ্ৰহণ কৰাৰ বাবে এই ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিব, কিন্তু ঈশ্বৰৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰা যিকোনো লোকে এই ৰাজ্যৰ অধীনত থাকিব পাৰিব।—পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫.

  •   আইন। ঈশ্বৰৰ ৰাজ্যৰ নিয়মবোৰে কেৱল অসৎ আচৰণবোৰ ত্যাগ কৰিবলৈ আজ্ঞা কৰে এনে নহয়। ঈশ্বৰৰ এই আজ্ঞাবোৰে তেওঁৰ অধীনত থকা লোকসকলৰ নৈতিক মানদণ্ডবোৰৰ ওপৰতো গুৰুত্ব দিয়ে। উদাহৰণস্বৰূপে, পবিত্ৰ শাস্ত্ৰই এইদৰে বৰ্ণনা কৰিছে: “তুমি সকলো হৃদয়, সকলো প্ৰাণ, আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা; এয়ে প্ৰধান আৰু প্ৰথম আজ্ঞা। আৰু তাৰে নিচিনা দ্বিতীয়টো এই, তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা।” (মথি ২২:৩৭-৩৯) যিহোৱা ঈশ্বৰ আৰু চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমৰ বাবে ঈশ্বৰৰ ৰাজ্যৰ অধীনত থকা লোকসকলে আনৰ ভালৰ বাবে কাৰ্য্য কৰিব।

  •   শিক্ষা। ঈশ্বৰৰ ৰাজ্যৰ অধীনত থকা লোকসকলৰ বাবে ঈশ্বৰে উচ্চ মানদণ্ড স্থাপন কৰিছে আৰু লোকসকলে কেনেকৈ এই মানদণ্ড পালন কৰিব পাৰে, তাৰ বিষয়ে শিক্ষাও দিছে।—যিচয়া ৪৮:১৭, ১৮.

  •   উদ্দেশ্য। ঈশ্বৰৰ ৰাজ্যই কেৱল ইয়াৰ শাসকসকলৰ সুখ্যাতি কঢ়িয়াই আনে এনে নহয়, কিন্তু এই ৰাজ্যই ঈশ্বৰৰ উদ্দেশ্য পূৰ কৰাৰ লগতে ঈশ্বৰক প্ৰেম কৰা লোকসকলে এই পৃথিৱীত হʼবলগীয়া প্ৰমোদবনত অনন্ত জীৱন জীয়াই থকাৰ ঈশ্বৰৰ প্ৰতিজ্ঞাও পূৰ কৰিব।—যিচয়া ৩৫:১, ৫, ৬; মথি ৬:১০; প্ৰকাশিত বাক্য ২১:১-৪.